শিশুসকলক চৰাই আৰু প্ৰকৃতিৰ সৈতে জড়িত হোৱাত সহায় কৰিব পৰাকৈ সম্পদ বিচাৰনে? আমি একত্ৰিত কৰি ৰখা কিছুমান সম্পদ আৰু সঁজুলি আগবঢ়োৱা হ’ল। এইবোৰ শ্ৰেণীকোঠাত তথা শিশুৱে নিজাববীয়াকৈ আৰু দল ৰূপে খেলিব পৰাকৈ উপযোগী। নিঃসংকোচে ডাউনলোড কৰি সদ্ব্যৱহাৰ কৰিব পাৰে।
আমি চৰাইৰ জৰিয়তে শিশুক প্ৰকৃতিৰ সৈতে সংযোগ কৰাত মনোনিৱেশ কৰি বিষয়বস্তু সৃষ্টি, প্ৰশিক্ষণ আৰু প্ৰচাৰৰ সুবিধা প্ৰদান কৰোঁ। আমাৰ সম্পদসমূহ ব্যৱহাৰ বা ক্ৰয় কৰি আপুনি ভাৰতত কেৱল সংৰক্ষণ প্ৰসাৰক সমৰ্থন কৰাই নহয়, চৰাই/প্ৰকৃতিৰ শিক্ষাবিদৰ ক্ৰমবৰ্ধিত পৃথিৱীৰ এক অংশীদাৰ হ’ব ।
ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ইউটিউব বা ইমেইলত আপোনাৰ মতামতলৈ আমি আগ্ৰহী। ধন্যবাদ!

প্ৰকৃতি প্ৰেমীৰ বিংগ’ খেল
এটা সহজ ‘বিংগো’ খেল যিয়ে শিশুসকলক বাহিৰৰ পৰিৱেশ অন্বেষণ, চৰাই পৰ্যবেক্ষণ আৰু প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে। ইয়াত খেলখন ডাউনলোড কৰক!